Sunday, December 4, 2011

পূবেৰুণ

                                  বহু চেষ্টা কৰিও টোপনি যাব পৰা নাই লাচিমাই । কাষতে শুই থকা বকুললৈ চালে। টোপনিত লালকাল দিছে সি। তাইও এইবাৰ টোপনি অহাৰ চেষ্টাৰে জোৰকৈ চকু দুটা মুদি পৰি থাকিল। এই চেষ্টাও ব্যৰ্থ হ'ল তাইৰ। অৱশ্যে এইটো কোনো নতুন ঘটনা নহয় তাইৰ বাবে।আজি দুটা বছৰে কেবাটাও বিনিদ্র ৰজনী তাই এনেদৰে পাৰ কৰিছে। পৰাজয় নিশ্চিত বুলি জানিও প্রতিদিনেই তাই এবাৰ যুঁজ দি চই টোপনিৰ সতে, মনৰ মাজত অহৰহ বলি থকা অস্থিৰতাৰ ধুমুহা জাকৰ সতে    আৰু অৱশেষত ডেউকা ভগা পখীৰ দৰে চটফটাই পৰি ৰয় -- প্রতিদিনেই। কেতিয়াবা পৰাজয়ৰ গ্লানিত তাই কুলক সাৱটি ধৰি উচুপি উঠে; কিন্তু পিছমুহূৰ্ততে আকৌ নিজকে নিজে সান্তনা দিয়ে ।বুজি পাই তাই জীৱনে অপৰিকল্পিত ভাবে কঢ়িয়াই অনা এই সংঘাটৰ লগত তাই হয়তো প্রতিদিনেই এনেদৰে যুঁজ দিব লাগিব -- হয়তো গোটেই জীৱন। নাজানে তাই সফলতাৰ মাপকাঠিৰে কেতিয়াবা জীৱনটোক জুখি চাব পাৰিবনে নাই। তথাপি তাই চেষ্টা কৰিব- কৰি আছে-- যুঁজি আছে। মনতে পণ লয় ক্ৰমশঃ  গ্রাস কৰি অহা দুখ আৰু বিষন্নতাবোধ তাই এদিন আঁতৰাবই।
                       ৱাল ঘড়ীটোলৈ চালে তাই। এক বাজি পঞ্চাশ মিনিট। টোপনি অহাৰ ব্যৰ্থ চেষ্টা আৰু তাই নকৰিলে।বকুলৰ গাত কম্বলখন ভালদৰে জাপি দি তাই বাহিৰলৈ ওলাই আহিল। পুহমহীয়া এচাটি ফিৰফিৰিয়া বতাহে কোবাই গ'ল তাইক। উৱলি যোৱা শ্বলখনকে ভালদৰে মেৰিয়াই লৈ তাই বাৰাণ্দাতে বহি পৰিল। গোপালৰ বুকুত মুৰ গুজি পাৰ কৰা বহু মধুৰ ক্ষণৰ সাক্ষী ই বাৰান্দাখন। জোনাক বৰ ভাল পাইছিল গোপালে। জোনাক চাবলৈ প্রায়ে সি তাইক শোৱাৰ পৰা জগাই টানি আনিছিল বাৰান্দালৈ। জোনৰ স্নিগ্ধ জোনালীত গা- ধুই ধুই দুয়ো হেপাহৰ কাৰেং  সাজিছিল-- অনাগত ভৱিষ্যতৰ সপোন ৰচিছিল। আজি পিছে তাই অকলশৰীয়া। একেলগে বহি জোনাক উপভোগ কৰিবলৈ গোপাল তাইৰ কাষত নাই।  সদায়ে কাষতে থাকিম বুলি কোৱা গোপাল আজি তাইৰ বাবে একাজঁলি স্মৃতি মাথো। মাজে মাজে গোপালৰ ওপৰত তাইৰ অভিমান হয়। সুখে-দুখে জীৱনৰ খলাবমা পথত একেলগে খোজ দিম বুলি প্রতিশ্ৰুতি দিয়া গোপালে মাজবাটতে তাইক অকলশৰে এৰি থৈ গ'ল। গোপালৰ অবিহনে এখন্তেকো জীয়াই থাকিব নোৱাৰিম বুলি ভবা লাচিমাই অনিচ্ছাস্বত্বেও জীয়াই থাকিব লগা হৈছে কেৱল সিহঁতৰ যুগ্ম জীৱনৰ সাক্ষী বকুলৰ বাবে ।   মৃত্যুৰ কেইমাহমান আগতে গোপালে তাইক উপহাৰ দিছিল বকুলক। গোপালৰ মৃত্যুৰ লগে লগে অৰ্থহীন হৈ পৰিব খোজা তাইৰ জীৱনটো বকুলৰ কলকলনিত পুনৰ জীপাল হব ধৰিলে নতুন আশাৰে। তাইৰ খিলখিল হাঁহিত নতুন উদ্যমেৰে পুনৰ মুৰ দাঙি উঠে জীৱন যুঁজত যুঁজি যুঁজি ভাগৰি পৰিব খোজা লাচিমাৰ মনটো।   বকুলক মানুহ হিচাপে গঢ়ি তোলাৰ  উদ্দেশ্যকেই জীয়াই থকাৰ সমল আৰু গোপালৰ স্মৃতিকেই জীৱনৰ প্রেৰনা বুলি ধৰি তাই জীৱন সংগ্রামত ব্রতী হোৱাৰ ব্রত লৈছে।
                               আজি দুবছৰে এপলক সময়ৰ বাবেও তাই গোপালক পাহৰি যাব পৰা নাই। সময় পালেই স্মৃতিৰ বোকোচাত উঠি তাই এৰি অহা সোনোৱালী অতীতৰ পদূলিত এপাক মাৰি আহেগৈ।
                              এই ৰঙাবিল গাঁৱতেই তাই গোপালক প্রথমবাৰ লগ পাইছিল। ৰঙাবিল গাৱত লাচিমাৰ মাহীয়েকৰ ঘৰ। নৱম শ্রেণীৰ বছৰেকীয়া দি তাই ফুৰিবলৈ আহিছিল আৰু মাহীয়েকৰ আবদাৰত প্রায় এমাহমান তাত থাকিবলগা হৈছিল। তাতেই তাই লগ পাইছিল গোপালক। ভদ্র, অমায়িক গোপালক প্রথম দেখিয়েই তাইৰ ভাল লাগি গৈছিল। তাইৰ দুচকুৱে ধৰা পেলাইছিল লুকাই চুৰকৈ তাইক নিৰীক্ষণ কৰি থকা গোপালৰ ধুনীয়া চকুহাল। দুয়োৰে হৃদয়ত পোখামেলা প্রেমৰ পুলিটি এদিন পাতে ফুলে জাতিষ্কাৰ হ'ল। গোপালে তাইক কথা দিছিল কিবা এটা উপাৰ্জনৰ প বাছি লব পাৰিলেই সি তাইক বিয়া কৰাব। গোপালে তাৰ প্রতিশ্ৰুতি ৰাখিছিল। চহৰত দুবছৰমান থাকি সি ৰাজমিস্ত্রীৰ কাম শিকিছিল আৰু গাৱত গৈ নিজাকে কাম আৰম্ভ কৰিছিল। এনেদৰে উপাৰ্জনৰ পথ এটা বাছি লৈ সি লাচিমক একেবাৰে নিজৰ কৰি লৈ আহিছিল। সমাজক সাক্ষী কৰি সি তাৰ মৰমী প্রেমিকাক  পত্নীৰ মৰ্য্যদা দিছিল। পণ লৈছিল সুখৰ ঐশ্বয্যৰে সি লাচিমাৰ আঁচল ভৰাই ৰাখিব।
                                এনেদৰে আৰম্ভ হৈছিল দুয়োৰে যুগ্ম-জীৱন । জীৱন নদীৰ উপকুলত দুয়ো সপোনৰ কাৰেং সাজিছিল। পাখিলগা কাঁড়ৰ দৰে সময়বোৰ অতিবাহিত হৈছিল আনন্দৰে হেপাহেৰে আৰু এদিন সিহঁতৰ হেপাহৰ ফুলনিত এপাহ ফুল ফুলিল বকুল।
                                 বকুলৰ আগমনে সিহঁতৰ জীৱনক এক নতুন মাত্রা প্রদান কৰিলে। কণমানিজনীক  লৈ গোপালৰ কত যে আশা কত যে কল্পনা; সি প্রায়ে লাচিমাক কৈ থাকিছিল জীৱনত আন কিবা কৰিব পাৰক নোৱাৰক বকুলক অন্ততঃ উচ্চশিক্ষাৰে শিক্ষিত কৰি সমাজৰ উচ্চ আসন এখনত প্রতিস্থিত কৰাবই। পিছে সি তাৰ সপোনক বাস্তব ৰূপ দিব নোৱাৰিলে। তাৰ সকলো আশা-আকাঙ্খা পূৰণৰ গুৰুভাৰ লাচিমাৰ মুৰত জাপি দি  সি গুছি গ'ল চিৰদিনৰ বাবে কোনোবা এখন অচিন পৃথিৱীলৈ। সেই ভয়াবহ দিনটো আজিও লাচিমাৰ চকুৰ আগত ভাঁহি আছে , যেন এইমাত্র ঘটি গৈছে সকলো । আগদিনাৰ দৰে সিদিনাও গোপাল ৰাতিপুৱাই ওলাই গৈছিল কামলৈ। সদায় অনাৰ দৰে সিদিনা সন্ধিয়া কিন্তু সি তাইলৈ দুটকাৰ চানাচুৰ লৈ উভতা নাছিল। উভতি আহিছিল এটা নিথৰ নিষ্পন্দ ক্ষত-বিক্ষত মৃতদেহ হৈ। স্বাধীন অসম গঢ়োতা খনিকৰ সকলে পুতিথোৱা বোমা বিস্ফোৰণে তাৰ লগৰ শ্রমিক কেইজনৰ লগতে সিদিনা গোপালৰ জীৱনটোৱই নিঃশেষ কৰি দিয়া নাছিল - মচি দিছিল ভৰ যৌৱনা লাচিমাৰ ভাগ্যৰবি, কাঢ়ি লৈছিল ফুলকুমলীয়া বকুলৰ জীৱনৰ পৰা পিতৃৰ চেনেহ, থানবান কৰি দিছিল সিহঁতৰ সপোনৰ বালিঘৰ।
                             গোপালৰ মৃত্যুৰ পিছৰ পৰাই আৰম্ভ হৈছিল লচিমাৰ জীৱন সংগ্রাম । প্রিয়জনক হেৰুৱাৰ বেদনাত বচেৰীয়ে হিয়াধুনি  কন্দাৰ সুযোগকনো নাপালে । পেটৰ তাড়নাত তাই গাৱৰে ইঘৰ সিঘৰত বন কৰি উপাৰ্জনৰ পথ উলিয়াই ললে । অকলশৰীয়া নাৰী হিচাপে এই পংকিল সমাজত লাচিমাই বহুতো লাঞ্ছনা-গঞ্জনা সহিব লগা হৈছে। ধৈৰ্য্যশীলা,সহনশীলা আদিবোৰ গুণ নাৰীৰ আভূষণ। সেয়ে আমাৰ দেশত নিজৰ বুকু চিৰাচিৰ কৰি হ'লেও সেউজী ৰহণ সানি দিয়া এই পৃথিৱীখনক "আইমাতৃ "  আখ্যা দিয়া হয় ---- তাইৰ মাকে কৈছিল এইষাৰ কথা। কিন্তু ইতিমধ্যে তাই বুজি উঠিছে সহনশীলা ধৰিত্ৰী সদৃশ হলেও আজিৰ সমাজত তাইৰ দৰে অসহায় নাৰী এগৰাকীয়ে মুৰ দাঙি জীয়াই থাকিবলৈ হ'লে প্রয়োজন সাপেক্ষে ৰণচণ্ডী কালীগোঁসানীৰ ৰূপও ধাৰণ কৰিব পাৰিব লাগিব। সেয়ে তাই শিকি লৈছে  তাইক দেখিলে    "যাত্ৰা নষ্ট" হোৱা বুলি মালতী বুঢ়ীয়ে কৰা টিপ্পনীৰ কেনেদৰে প্রত্যুত্তৰ দিব লাগে, মহাজনৰ গুদামৰ দালি চাউল চাফা কৰি প্রাপ্য মজুৰি নাপালে কেনেদৰে চিঞৰি চিঞৰি তাৰ প্রতিবাদ কৰিব লাগে আৰু ৰাতিৰ অন্ধকাৰৰ সুযোগত কেঁচা তেজৰ সোৱাদ লবলৈ চোপ লৈ থকা মহৰি বাবুৰ দৰে নৰখাদকক কেনেদৰে খেদি পথিয়াব লাগে। সমাজৰ লেতেৰা গণ্ডীত কিলবিলাই থকা এনেবোৰ বিষাক্ত কীটৰ সতে মোকাবিলা কৰাত তাই এতিয়া অভ্যস্ত। জীৱনে অবাঞ্চিত ভাৱে কঢ়িয়াই অনা দুৰ্ভাগ্যৰ চেপা খুন্দাত কোঙা হৈ পৰিলেও তাই হাৰ নামানে।
                                     তাই পণ লৈছে গোপালৰ আশা পূৰণ কৰিব। বকুলক পঢ়ুৱাব । উচ্চশিক্ষাৰে শিক্ষিত কৰি তাইক সমাজত মানুহ হিচাপে প্রতিষ্ঠিত কৰাব। তাৰ বাবে তাই কষ্ট কৰিব। যুঁজ দিব দুৰ্ভাগ্যৰ সতে , দুঃসময়ৰ সতে। তাই জানে এই যুঁজত তাই কেতিয়াও অকলশৰীয়া নহয়। গোপালৰ মৰমবোৰ স্মৃতি হৈ সদায়ে  থাকিব তাইৰ লগত প্রেৰণা হৈ।
                                     অজানিতে বৈ অহা চকুপানীখিনি মচি ললে লাচিমাই। দূৰৰ আকাশত হেঙুলী আভাই ভুমুকি মাৰিছে। বোধহয় ৰাতিপুৱাবলৈ আৰু বেছিপৰ নাই। সন্মূখৰ পথাৰখনলৈ চাই ৰ'ল লাচিমাই পোহৰ হোৱাৰ অপেক্ষাৰে ।

                                                            ****
                                                                ( 13.11.06  সংখ্যা " অংগীকাৰ "ত প্রকাশিত )